Show/Hide Keyboard Layout

পাখিতেই পাখি

- বোলছবি

পাখিতেই পাখি লগাই উৰিবলে মন

দুৰু দুৰু কঁপিবনে তোমাৰ হিয়াখন

এথৰ দুথৰ মোৰ হেঁপাহৰ

মুঠি এমুঠি তোমাৰ আদৰৰ

তাতেই নাচি ৰ’ব দুই জোনাকী মন ।

 

কোন অমানিশা কোনোবা এন্ধাৰে

আগচিব খুজিলে মোক অজানিতে

তোমাৰে ভাৱনাৰ চাকিটি

চৌপাশে মোৰ জ্বলেহি

ইটো সিটো কৈ, বহুতো আশা

তোমাৰ সঁহাৰিতে, জিৰাব খোজা

তাতেই বাকি দিয়া এফেৰি মৰম ।

 

দেই পুৰি নিয়া মোৰো সীমনা

ৰৈ আছোঁ জানানে তোমাৰে ভৰসাত

নোৱাৰোঁ এখোজো দিবলে

অকলশৰে ম‍ই আগলে

আহোঁতে আহা সপোন এটি হৈ

যাওঁ বুলি গ’লে বুকু ভাঙে ঐ

নেলাগে নেলাগে বেলেগে মৰম ।।

Hits: 2542